দেৰগাঁও: কাৰ এজেঞ্চীত দি এতিয়া গাড়ী বিচাৰি হাবাথুৰি খাইছে এটা পৰিয়ালে, দেৰগাঁও আৰক্ষী থানাত গোচৰ
কাৰ এজেঞ্চীত দি এতিয়া গাড়ী বিচাৰি হাবাথুৰি খাইছে এটা পৰিয়ালে। শুক্ৰবাৰে দিনৰ প্ৰায় ৩ বজাত দেৰগাঁও আৰক্ষী থানাত গোচৰ ভুক্তভোগীৰ। ঘটনা অনুসৰি ভেল'চিটি ড্ৰাইভচ নামৰ দেৰগাঁৱৰ লাহতিৰ এটা এজেঞ্চীক উদয় নগৰৰ তাজেৰ আলিয়ে ১০ ছেপ্টেম্বৰত দুদিনৰ বাবে ভাড়ালৈ দিছিল এখন বলেৰ' Neo গাড়ী। ভাড়ালৈ দিয়াৰ পিছত আজিও ঘুৰাই নাপালে উক্ত গাড়ীখন। ভাড়ালৈ লোৱাৰ চলেৰে প্ৰবঞ্চনা কৰি গাড়ী বিক্ৰী কৰি দিয়াৰ অভিযোগত আজি এজেঞ্চীটোৰ বিৰুদ্ধে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।