ওদালগুৰি: ভূটিয়াচাং নদীৰ পাৰত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
ওদালগুৰি জিলাৰ ৪নং ভূটিয়াচাং নদীৰ পাৰত এজন ৪৫ বছৰীয়া ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত ব্যক্তিজনক জিতেন বড়ো বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, জিতেন বড়ো যোৱা নিশা নিজৰ কামৰ কাৰণে ঘৰলৈ ওলাই গৈছিল, কিন্তু তেওঁ ঘৰত উভতি নাহে।পৰিয়ালৰ লোকসকলে ৰাতি জোৰে বিচাৰি নাপায়। ৰাতিপুৱা গাঁৱৰ শ্ৰমিকসকলে কামলৈ যাওঁতে নদীৰ পাৰত এজন ব্যক্তিৰ মৃতদেহ দেখা পায় আৰু লগে লগে গাঁওবাসী আৰু স্থানীয় সভাপতিগৰাকীক খবৰ দিযে। খবৰ পোৱাৰ পাছত স্থানীয় আৰক্ষী ঘটনাস্থলত উপস্থিত হয়।