ওদালগুৰি: ওদালগুৰিত ভোট গননাৰ বাবে প্ৰস্তুুতি সম্পূৰ্ণ বুলি জিলা আয়ুক্তৰ বক্তব্য
বিটিআৰত ২৬ ছেপ্তেম্বৰত নিৰ্বাচনৰ ভোটগণনা।বিটিআৰৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে ওদালগুৰি জিলা প্ৰশাসনে ব্যাপক হাৰত প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলা খনৰ ১০ টা পৰিষদীয় সমষ্টিৰ ভোট গণনাৰ বাবে ইতিমধ্যে ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত ১০ টা কক্ষ সাজু কৰা হৈছে। উক্ত ১০ টা কক্ষৰ মুঠ ৯৬ খন টেবুলত ১০ পৰিষদীয় সমষ্টিৰ ভোটগণনা সম্পন্ন কৰা হ'ব বুলি জিলা আয়ুক্ত পুলক পাটগিৰীয়ে জনাইছে।