তিনিচুকীয়া: অসম গৃহ নিৰ্মাণৰ অধ্যক্ষ পুলক গোঁহাইৰ লাংকাছিত বজালনি সুৰক্ষা মহিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত
বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত অসম গৃহ নিৰ্মাণৰ অধ্যক্ষ পুলক গোঁহাইয়ে মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংকাছি গাওঁ পঞ্চায়তৰ বজালনি সুৰক্ষা মহিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াৰ সৈতে অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক বিষয় আৰু মহিলা সমিতিৰ প্ৰয়োজনীয় দিশসমূহৰ সম্পৰ্কত এক আলোচনাত মিলিত হয় । তেওঁলোকৰ সমাজমনস্ক উদ্যোগ আৰু আগ্ৰহক শলাগ লয় পুলক গোহাঁইয়ে । আগন্তুক দিনত পাৰ্যমানে এইধৰণৰ জনকল্যাণমূলক কাৰ্যত সহায়-সহযোগিতা কৰি যোৱাৰ আশ্বাস প্ৰদান ।