তিনিচুকীয়া: সদৰত "আছা"ৰ সভাপতিয়ে চাহ জনগোষ্ঠী লোকসকলৰ মাজত বিভাজন অনাৰ গুৰুতৰ অভিযোগ চাহু তেলী সমাজৰ
দেওবাৰে বিয়লি প্ৰায় ৩ বজাত তিনিচুকীয়াৰ পাখৰিজানত সদৌ অসম তেলী চাহু সমাজে এক সংবাদমেলৰ আয়োজন কৰে।সদৌ আদিবাসী ছাত্ৰ সন্থা (আছা )ৰ সভাপতি ৰাজেন হৰই কৰা এক বিতৰ্কিত ৰাজহুৱা মন্তব্যই সমগ্ৰ অসম তোলপাৰ লগাইছে। তেওঁ সামাজিক মাধ্যমত কৰা বিৰূপ মন্তব্য বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম তেলী চাহু সমাজ । ৰাজেন হৰই তেলী লোকসকলক বিহাৰী সম্প্ৰদায়ৰ বুলি কোৱা মন্তব্য লৈ পাখৰীজানত সদৌ অসম তেলী শাহু সমাজে তীব্ৰ নিন্দা জনায় ।