বোকাখাত: ধনশিৰি নদীৰ বাঢ়নী পানীয়ে নুমলীগড়ত লৈছে ভয়ংকৰ ৰূপ,দহ খনৰো অধিক গাৱঁৰ কৃষি বান্ধ ছিগি বিপদত কৃষক
ধনশিৰি নদীৰ বাঢ়নী পানীয়ে নুমলীগড়ত লৈছে ভয়ংকৰ ৰূপ।দহ খনৰো অধিক গাৱঁৰ কৃষি বান্ধ ছিগি বিপদত কৃষক l ভঙা কৃষি বান্ধেৰে ধনশিৰি নদীৰ দ্বিতীয়টো বানৰ কোবাল সোঁতত দিশহাৰা কৃষক ৰাইজ। প্ৰথমটো বানৰ পিছত দেৰ মাহ পাৰ হল চিঙা কৃষি বান্ধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে বুলি সোমবাৰে বিয়লি প্ৰায় ৩ বজাত অভিযোগ ৰাইজৰ । বৰ্তমান বিপদ সীমাৰ ওপৰেৰে বৈ আছে নুমলীগড়ৰত ধনশিৰি নদীৰ জল স্তৰ।