কামপুৰ FRU ত বিকল এক্সৰে মেচিন। ৰোগীৰ হাহাকাৰ। নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ FRU ত বিগত কিছুদিন ধৰি এক্সৰে মেচিনটো বেয়া হৈ থকাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ দুখীয়া ৰাইজ। দূৰ-দূৰণিৰ পৰা চিকিৎসালয়লৈ এক্সৰে কৰিবলৈ আহি ঘৰলৈ ঘূৰি যাব লগা হৈছে ৰোগী। দৰিদ্ৰ ৰোগী সকলে চৰকাৰক শীঘ্ৰে এক্সৰে মেচিনটো ভাল কৰি দি ৰাইজক উপকৃত কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে সঘনে কামপুৰ FRUৰ এক্সৰে মেচিনটো বেয়া হৈ থকাৰ পাছতো ভাল কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰে