হোজাই: দক্ষিণ বিদ্যানগৰ স্থিত সঞ্জীৱ দেৱনাথৰ বাসগৃহত চোৰে উপদ্ৰৱ চলাই লুটি নিয়ে নগদ ধন সহ সোণ-ৰূপৰ গহনা
Hojai, Hojai | Sep 15, 2025 হোজাইত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাণ্ডৰ ঘটনা।চোৰৰ উপদ্ৰৱত অতিষ্ঠ হোজাইৰ সৰ্বসাধাৰণ ৰাইজ।দেওবাৰে দক্ষিণ বিদ্যানগৰ স্থিত সঞ্জীৱ দেৱনাথৰ বাসগৃহত সংঘটিত হয় চুৰি কাণ্ডৰ ঘটনা।ঘটনা সন্ধৰ্ভত দেওবাৰে নিশা প্ৰায় ১১মান বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগীৰ।ঘৰত কোনো লোক নথকাৰ সুযোগলৈ চোৰে লুটি লৈ যায় নগদ ১ লক্ষ ২০ হেজাৰ টকা আৰু সোণ-ৰূপৰ গহনা।ঘটনা সন্ধৰ্ভত ভুক্তভোগীয়ে হোজাই আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।ইতিমধ্যে আৰক্ষীয়ে সঞ্জীৱ দেৱনাথৰ বাসগৃহত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।