চাৰিদুৱাৰ: ৰঙাপৰা সম-জিলা কার্য্যালয়ৰ দ্বাৰা নামনিগাঁও খেল পথাৰত উদ্যাপন কৰা হয় দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস
ৰঙাপৰা সমজিলা গঠনৰ হোৱাৰ পিছত পোন প্রথম বাৰৰ বাৱে সমজিলা কার্য্যালযৰ দ্বাৰা নামনিগাঁও খেল পথাৰত উদ্যাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস ৷ শুক্ৰবাৰে দিনৰ অনুমানিক ১ বজাত উক্ত স্বাধীনতা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে ৷ আজিৰ উক্ত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জাতীয় পতকা উত্তোলন কৰে ৰঙাপৰা সম-জিলাৰ আয়ুক্ত অঙ্কিতা বৰায় । লগতে উদযাপন স্থলিত উপস্থিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী,ৰঙাপৰাৰ পৌৰসভাৰ সভাপতি আৰু পৌৰসভাৰ ওৱার্ডৰ সদস্য বৃন্দ ও দেশ প্রেমিক ছাত্র ছাত্রী সকল ৷