দেৰগাঁও: দেৰগাঁও APTCৰ আৰক্ষীৰ নামঘৰত চুৰিকাণ্ড, চুৰি লুটি নিলে দানপাত্ৰৰ ধন, সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য
দেৰগাঁও APTCৰ আৰক্ষীৰ নামঘৰত চুৰিকাণ্ড। সোমবাৰে দিনৰ প্ৰায় ১২ বজাত নামঘৰীয়াই জানিবলৈ দিয়া অনুসৰি চোৰে লুটি নিলে দানপাত্ৰৰ ধন। উল্লেখ্য যে, শনিবাৰে নিশাই সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা। চোৰে গিলৰ তলা ভাঙি লুটি লৈ যায় দান পাত্ৰৰ ধন। এতিয়া প্ৰশ্ন উত্থাপন হৈছে সকলোতকৈ সুৰক্ষিত স্থান হিচাপে চিহ্নিত লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত কেনেদৰে সংঘটিত হবলৈ পালে চুৰিকাণ্ডৰ ঘটনা। উক্ত ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ।