বালিজানা: চহৰৰ হাচিলাত এক পথ দুৰ্ঘটনাত এগৰাকী লোক গুৰুতৰভাৱে আহত হয়
চহৰৰ হাচিলাত এক পথ দুৰ্ঘটনাত এগৰাকী লোক গুৰুতৰভাৱে আহত হয়। চহৰৰ হাচিলাত এগৰাকী বাইক আৰোহীয়ে ই ৰিক্সাৰ লগত খুন্দা লগাৰ সময়ত পিছফালৰ পৰা আন এখন পিক আপ মেনে খুন্দা মৰাৰ ফলত বাইক আৰোহীয়ে ছিটিকি পৰি যোৱাত গুৰুতৰভাৱে আহত হয়। তৎক্ষণাৎ স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আহত লোকজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যায়। উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।