নগাঁও: ৰণথলি সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কাষতে থকা আয়ুৰ্বেদিক স্বাস্থ্য কেন্দ্ৰত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এটা চোৰ
Nagaon, Nagaon | Oct 4, 2025 ৰহাত দিন দুপৰতে চুৰি কাৰ্য সংঘটিত কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এটা শনিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ৰহাৰ ৰণথলি সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কাষতে থকা আয়ুৰ্বেদিক স্বাস্থ্য কেন্দ্ৰটোৰ খিৰিকীত থকা এলুমিনিয়াম ফ্ৰেম চুৰি কৰিবলৈ লওঁতেই ৰাইজে হাতে লোটে ধৰে চোৰটোক।ধৃত চোৰটো ৰহাৰ কাকতিগাঁৱৰ ছাহজাহান আলী বুলি জানিব পৰা গৈছে। পিচত ৰাইজে চোৰটোক ৰহা আৰক্ষীক গতাই দিয়ে।