বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত ন-শদিয়া পঞ্চায়তৰ অন্তৰ্গত বছাগাঁৱত সমাজকৰ্মী প্ৰশান্ত গগৈ ৰ উদ্যোগত এক মত বিনিময় সভা অনুষ্ঠিত হয় । স্থানীয় ৰাইজৰ সৈতে মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই । অনুষ্ঠানত ৰাইজৰ মাজত দেখা পোৱা স্নেহাশিস আৰু আন্তৰিকতাই আগন্তুক দিনত নতুন উদ্যম আৰু মনোবল অটুট ৰাখি সেৱা আগবঢ়াই যোৱাৰ বাবে বিধায়কক উৎসাহ যোগাইছে বুলি উল্লেখ কৰে বিধায়ক বলীন চেতিয়াই ।