নগাঁও: বঢ়মপুৰত ভয়ংকৰ অঘটন, নিৰ্মীয়মান শৌচাগাৰৰ টেংকিৰ ভিতৰত গৈ দুজনৰ মৃত্যু
Nagaon, Nagaon | Oct 30, 2025 বঢ়মপুৰত ভয়ংকৰ অঘটন । নিৰ্মীয়মান শৌচাগাৰৰ টেংকিৰ তক্তা খুলিবলৈ গৈ এজন ৰাজ মিষ্ট্ৰিৰ মৃত্যু। ৰাজ মিষ্ট্ৰিক উদ্ধাৰ কৰিবলৈ গৈ নিৰ্মীয়মান ঘৰটোৰ মালিক মন্টু বৰদলৈৰ মৃত্যু হয় । মন্টু বৰদলৈ অসম আৰক্ষীৰ সহ পৰিদৰ্শকৰ চাকৰিত কৰ্মৰত হৈ আছিল। মৃত মন্টু বৰদলৈৰ বয়স ৪০ বছৰ আৰু ভাইটি নামৰ ৰাজমিষ্ট্ৰি জনৰ বয়স ৩৫ বছৰ অনুমানিক।