শদিয়া: ডাঙৰী লাউপতি গাঁৱত দলঙৰ অভাৱত ৰাইজে নাৱেৰে যাতায়ত কৰিব লগা হয় ,চৰকাৰে কাণসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ
তালাপ ডাঙৰীৰ লাউপতি গাঁৱৰ কাষেৰে পাৰ হৈ গৈছে ধলা-ডাঙৰী নদীখন।আৰু গাঁওখনৰ কৈলাশপুৰ-ফুলবাৰী ঘাটত আজি পৰ্যন্ত নিৰ্মান নহল এখন দলং।এখন মাত্ৰ নাৱক সাৰথি কৰি ৰাইজে অব্যাহত ৰাখিছে জীৱন যাত্ৰা।দলঙৰ অভাৱত দুৰ্ঘটনাত পতিত হৈ বহু লোকে এই স্থানত হেৰুৱাইছে প্ৰাণ।ছাত্ৰ ছাত্ৰী, ৰোগী সকলে দৈনিক সমস্যাত ভুগি আহিছে।মহিলা সকলেও নিজে নাও চলাই ইপাৰ সিপাৰ হৈ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে।বিধায়ক বলীন চেতিয়াক বাৰম্বাৰ গাঁওবাসীয়ে আবেদন জনাই আহিছে যদিও এই গাঁওখনত দলং নিৰ্মান আজিকোপতি হোৱা নাই