পশ্চিম যোৰহাট: ঐতিহাসিক এলেংমৰাৰ শকাই খঙীয়া গাৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন
যোৰহাটৰ ঐতিহাসিক এলেংমৰাৰ শকাই খঙীয়া গাৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন। ভাগৱত সহ বাৰে ৰহণীয়া আধ্যাত্মিক শোভাযাত্ৰা । আজি জগতৰ প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। অসমীয়া কেলেণ্ডাৰ অনুসৰি ভাদমাহৰ অষ্টমী তিথিতে জন্ম হৈছিল প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম। আজি অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো নামঘৰতে কৃষ্ণ নামেৰে আকাশ বতাহ কপাই তুলিছে।