বাঘবৰ: বাঘবৰ সমষ্টিৰ ৭টা উন্নয়ন মুলক কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক শ্বেৰমান আলী আহমেদে
বাঘবৰ সমষ্টিত শনিবাৰে ৭ টা উন্নয়ন মুলক কামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ উন্নয়ন মুলক কাম কেইটাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক শ্বেৰমান আলী আহমেদে ৷ বিধায়ক গৰাকীয়ে জাদৱপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ছলিমপুৰলৈ আৰ.চি.চি. দলং, আগমন্দিয়া তিনিআলিৰ পৰা ভৈৰপামলৈ পথ, জাদৱপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত আৰু বিজ্ঞান লেবৰেটৰীৰ নিৰ্মাণ কাম আদি কামৰ আধাৰশিলা স্থাপন কৰে ৷ এই উন্নয়নমূলক প্রকল্পবোৰ সম্পুৰ্ন হলে অঞ্চলটোৰ যাতায়াত আৰু আৰু শিক্ষা উন্নয়নত অৰিহনা যোগাব বুলি কয় ৷