দিছপুৰস্থিত জনতা ভৱনত গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াবর্গ আৰু বিভাগৰ ঠিকাদাৰসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । AMRUT,UIDFৰ অধীনৰ প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কত বিতং আলোচনা কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ তৃণমূল পৰ্যায়ৰ অগ্ৰগতিৰ বুজ ল'বলৈ উপস্থিত ঠিকাদাৰসকলৰ সৈতে পোনপটীয়াকৈ বার্তালাপ কৰে ।