কলগাছিয়া: বৰভিটাত ফুটবল খেল পৰিচালনা সমিতিৰ সংবাদমেল, ফুটবল খেলত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা যুৱকৰ বিৰুদ্ধে থানাত গোচৰ
কলগাছিয়াৰ বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গণত চান্দমামা কমিউনিটি চেন্টাৰৰ সৌজন্যত আৰু অপৰাজিতা ক্লাব এণ্ড লাইব্ৰেৰীৰ সহযোগত অনুষ্ঠিত হৈছিল ফুটবল খেল। উক্ত খেলৰ ছেমিফাইনালৰ দিনা সংঘটিত হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি। খেল চলি থকা সময়ত আব্দুল আওৱাল নামৰ এজন যুৱকে তেওঁৰ খুলশালাক কোনোবাই মাৰপিট কৰা বুলি অভিযোগ উত্থাপন কৰি খেল বন্ধ কৰি দিয়ে। উক্ত ঘটনাক কেন্দ্ৰ কৰি আৱালৰ বিৰুদ্ধে বৰভিটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে খেল পৰিচালনা সমিতিয়ে।