সোণাৰি: সোণাৰিৰ চিংলো পথাৰত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন।আহত গণেশ সোণোৱাল বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে
সোণাৰিৰ চিংলো পথাৰত হাতীৰ গছকত আহত এজন।হাতীৰ গছকত আহত লোকজনৰ নাম হৈছে গণেশ সোণোৱাল।আহত গণেশ সোণোৱালক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিয়ো লোকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ।আনহাতে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে চিংলো পথাৰ অঞ্চলত উপদ্ৰপ চলাই বাসগৃহ লণ্ড ভণ্ড কৰে।