লক্ষীপুৰ: লক্ষীপুৰত বন বিভাগৰ ছত্ৰছায়াত অবৈধ ভাৱে চলি আছে কাঠফলা কল
লক্ষীপুৰত অবৈধ ভাৱে কাঠফলা কল চলি থকাৰ অভিযোগ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনবিভাগৰ অন্তৰ্গত এলেকাত ২৫/২৬ টাকৈ অবৈধ ভাৱে কাঠফলা কল চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাৰ হুৰকাচুঙী, কলাবাৰী, নামৰ, তেকোনা, কেৰচাপাৰা আদি এলেকাত একাংশ অসাধু চক্ৰই আঞ্চলিক বন বিষয়াৰ সৈতে গোপন বুজাবুজিৰে মাহেলী নিৰ্দিষ্ট ধনৰ বিনিময়ত বন ধ্বংস যজ্ঞ চলাই অবৈধ কাঠ ফলা কল চলাই থকা বুলি অভিযোগ উত্থাপিত হৈছে।