সোণাৰি: সোণাৰিৰ পানবাৰীৰ নগা গাওঁত বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন
সোণাৰিৰ নগা গাওঁত চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত নগা গাওঁত বুধবাৰে ১২ বজাত শিৱসাগৰ বন সংমণ্ডল আৰু বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত তথা পানবাৰী খণ্ড বন কাৰ্যালয়ৰ সহ যোগত বিশ্ব পৰিবেশ দিৱসৰ লগতে সংগতি ৰাখি পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ্থে পানবাৰী নগা গাঁৱৰ অঞ্চলত কৃষ্ণচূড়া,ৰাধাচূড়া,বকুল সোণাৰু পুলি প্ৰায় ২০০টা ৰোপণ কৰা হয়। কাৰ্যসূচীত বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ বন বিষয়া,ময়ূৰাজ ভৰদ্বাজ পানবাৰী খণ্ড বন বিষয়াৰ প্ৰমুখ্যে বন কৰ্মীয়ে অংশগ্ৰহণ কৰে