শদিয়া: অমৰপুৰত 'অমৰপুৰ কাপ' ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ উদ্বোধন শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ
অমৰপুৰ যুৱক সংঘৰ উদ্যোগত তৃতীয় সংস্কৰণৰ বাবে আয়োজিত 'অমৰপুৰ কাপ' ফুটবল প্ৰতিযোগিতাৰ বুধবাৰে বিয়লি প্ৰায় ৪ বজাত চূড়ান্ত খেলখন উদ্বোধন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই ৷ বিধায়ক গৰাকীয়ে খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে ৪০,০০০ টকাৰ ধনৰাশি বিধায়কৰ তৰফৰ পৰা আগবঢ়াই সুখী অনুভৱ কৰাৰ কথা উল্লেখ কৰে । ক্ৰীড়াই সুস্থ-সৱল সমাজ গঠনত অৰিহণা যোগায়। অঞ্চলটোত ক্ৰীড়াৰ জাগৰণ সৃষ্টি কৰি এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা বাবে উদ্যোক্তাসকলক ধন্যবাদ জনাই বিধায়ক বলীন চেতিয়াই