কলগাছিয়া: কলগাছিয়াত প্ৰৱঞ্চক আটক, ফোনপেৰ জড়িয়তে প্ৰবঞ্চনাৰে ধন লুট কৰিবলৈ গৈ ৰাইজৰ হাতত আটক হয় এক দম্পতী
কলগাছিয়াৰ চেনীমাৰি গাঁৱৰ আব্দুল হালিম নামৰ এক যুৱকে মোবাইলৰ ফোন পেত টকা দি তাৰ পৰিৱৰ্তে কেচ টকা ল'ব বুলি কৈ ৰাইজক প্ৰবঞ্চনা কৰি আহিছে। বুধবাৰে কলগাছিয়া বজাৰত এজন দোকানীৰ পৰা কেচ টকা লৈ সেই টকা ফোন পেৰ জড়িয়তে ঘূৰাই দিব বুলি কৈ এটা মিছা স্ক্ৰীণছট দেখুৱায়। এইদৰে মিছা স্ক্ৰীণছট দেখুৱাই ৰাইজৰ পৰা প্ৰবঞ্চনাৰে টকা লুটি নিয়াত ৰাইজে যুৱক জন আৰু তেওঁৰ পত্নীক আটক কৰি আৰক্ষীক গতাই দিয়ে।