জোনাই: সাংসদ,বিধায়কৰ উপস্থিতিত চিমেন নদীত অনুষ্ঠিত জোনাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত
Jonai, Dhemaji | Jan 15, 2025 বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৰ সৈতে জোনাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু সক্ৰিয় সদস্যসকলৰ লগত চিমেন নদীত অনুষ্ঠিত প্ৰীতিভোজ তথা মত- বিনিময় অনুষ্ঠানত মিলিত হয়।অনুষ্ঠানত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, দলৰ কাৰ্যসূচী আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি সন্দৰ্ভত বাৰ্তালাপ কৰে। লগতে সক্ৰিয় সদস্যসকলক নিষ্ঠাৰে সাংগঠনিক কাম-কাজসমূহত অংশগ্ৰহণ আৰু সমষ্টিৰ জনকল্যাণৰ বাবে সাধাৰণ সদস্যসকলক লগত ল