ওদালগুৰি: ৬নৱেম্বৰত টংলাত আদিবাসীৰ হ'বলগীয়া গণসমাবেশৰ স্থান,টংলাৰ পৰিৱৰ্তে ওদালগুৰি চহৰত অনুষ্ঠিত হ'ব বিশাল গণসমাবেশ
*ডিব্ৰুগড়, তিনিচুকীয়া , শোণিতপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পিছত এইবাৰ ৬ নৱেম্বৰত ওদালগুৰিত আদিবাসী জনগোষ্ঠীৰ বৃহৎ গণ সমাবেশ ।* ৬ নৱেম্বৰত টংলা চহৰৰ পৰিৱৰ্তে ওদালগুৰি চহৰৰ মাজমজিয়াত প্ৰায় লক্ষ্যাধিক আদিবাসী লোকে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথ কপাঁই তুলিব ।* *সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা গণসমাবেশত আদিবাসী জনগোষ্ঠীৰ সকলো দল-সংগঠনে একত্ৰিত হৈ এই গণসমাবেশত অংশগ্ৰহণ কৰিব।*