ধেমাজি: মাজৰবাৰী লাডাংগুৰীত বান-খহনীয়াৰ পৰা ৰক্ষা পাবলৈ অগণন ভুক্তভোগী লোকৰ শ্ৰীশ্ৰী মা গংগা পূজা পালন
চিমেনমুখৰ মাজৰবাৰী অঞ্চলৰ ১নং লাডাংগুৰী কছাৰীগাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত মঙলবাৰে দিনৰ ১০ বজাত শ্ৰীশ্ৰী মা গংগা পূজা অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত কৰা পূজাত সকলোৰে মংগল কামনা কৰি শিৱবাবাক সন্তুষ্টৰ বিভিন্ন নৈবেদ্য আগবঢ়ায়। আনহাতে, এখন কলৰ ভূৰ সাজি গংগা মাক সন্তুষ্ট কৰিবলৈ কাপোৰ, সোণ, ৰূপ, প্ৰসাধন সামগ্ৰী, সূতা আদি বিভিন্ন নৈবেদ্য আগবঢ়োৱা হয়।