তিনিচুকীয়া: হিজুগুৰি ট্ৰাক ষ্টেণ্ডত ৰখাই থোৱা ট্ৰাকত অগ্নিকাণ্ডৰ ঘটনা
বুধবাৰে দুপৰীয়া প্ৰায় ১২ বজাত তিনিচুকীয়া হিজুগুৰি ট্ৰাক ষ্টেণ্ড ত ৰখাই থোৱা এখন ট্ৰাকত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিবলৈ পৰা মতে খাদ্য ৰান্ধি থকা অৱস্থাতে উক্ত ঘটনাটো সংঘটিত হয় । হঠাতে অগ্নিকাণ্ড হোৱাত হোৱা দুৱা লগাত উক্ত স্থানত উপস্থিত থকা সচেতন ব্যক্তিৰ তৎপৰতাত ট্ৰাকখনৰ জুই নুমুৱাবলৈ সক্ষম হয় ।