লাহৰীঘাট: কুশতলিত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া আৰু দলীয় কৰ্মীৰ সৈতে আলোচনা বিধায়ক আচিফ মহম্মদ নাজাৰৰ
লাহৰীঘাটৰ বিভিন্ন প্ৰান্তৰ লগতে কুশতলিতো আজি কংগ্ৰেছী বিধায়ক আচিফ মহম্মদ নাজাৰে কুশতলি মণ্ডলৰ বিষয়ববীয়া আৰু দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হয়।সমাগত লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে আলোচনা কৰাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক অধিক ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ সৰ্ব সাৰাণ ৰাইজক আহ্বান জনায়।একেদৰে ইয়াৰ পূৰ্বে লাহৰীঘাটৰ ধুমকুৰা মণ্ডলৰ বিষয়ববীয়া সকলৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰে।