এইবাৰ সাঁতোৰত উজ্জ্বলি উঠিল অসম সন্তান ৷ বাহৰেইনত অনুষ্ঠিত এছিয়ান ইউথ গেমছত অসমৰ গৌৰৱ তীৰ্থাংক পেগুৱে ২০০ মিটাৰ পখিলা সাঁতোৰ প্ৰতিযোগিতাত লাভ কৰিলে ৰূপৰ পদক । ২:০২.৫৬ ছেকেণ্ডেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ভাৰতৰ তীৰ্থাংক পেগুৱে ৷ পদক লাভৰ পিছত আজি সন্ধিয়া নিজ মাতৃভূমিত উপস্থিত তীৰ্থাংক পেগু । বৰঝাৰ বিমানবন্দৰত উস্ম আদৰণী ।