বজালী ভাগ: পাঠশালাত অনুষ্ঠিত মেগা স্বাস্থ্য শিবিৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
বজালীৰ পাঠশালাত শুক্ৰবাৰে অনুষ্ঠিত হয় মেগা স্বাস্থ্য শিবিৰ । এক হাজাৰতকৈ অধিক ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ সমগ্ৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰৰ মঙলবাৰে বজালী সমষ্টি ভিত্তিক শিবিৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই উদ্বোধনী অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকা, জিলা আয়ুক্ত মৃদূল দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ভূপেন বৰা উপস্থিত থাকে ৷