তিনিচুকীয়া: সদৰৰ চিত্ৰকূট গেছ এজেঞ্চিত লিক থকা ৰন্ধন গেছ ভৰ্তি ছিলিণ্ডাৰ যোগান ধৰাৰ অভিযোগ গ্ৰাহকৰ
অভিযোগ অনুসৰি যোৱা শনিবাৰে তিনিচুকীয়া দেৱী পুখুৰী ৰোড স্থিত চিত্ৰকূট গেছ এজেঞ্চিৰ ছিলিণ্ডাৰ যোগান ধৰা বাহনৰ পৰা এটা ৰন্ধন গেছ ভৰ্তি ছিলিণ্ডাৰ লৈছিল এগৰাকী গ্ৰাহকে । ঘৰত এদিন ব্যৱহাৰ কৰি পাছদিনাই অভাৱনীয় ভাৱে গেছ লিক হোৱাত ভালদৰে পৰ্যবেক্ষণ কৰাত ছিলিণ্ডাৰটোৰ কাষৰ ফালে এটা ফুটা থকা দৃষ্টিগোচৰ হয় ।