বটদ্ৰৱা আৰক্ষীৰ জালত গভাইত চোৰ,পশ্চিম ভেৰভেৰীৰ পৰা সোমবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত আটক কৰে চুৰি সামগ্ৰী সহ ধৃত চোৰটোক।নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ভেৰভেৰী এলেকাত অভিযান চলাই এটা গভাইত চোৰক আটক কৰে। ধৃত চোৰটো হাছেন আলী বুলি আৰক্ষীয়ে চিহ্নিত কৰিছে। আৰক্ষীয়ে চোৰটোৰ পৰা চিলিং ফেনকে আদি কৰি চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে ধৃত চোৰটোক আৰক্ষী থানাতে