শদিয়া: ছপাখোৱা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া চকু পৰীক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে বিধায়ক বলীন চেতিয়াই
শদিয়া সম-জিলাৰ ৰাইজ উপকৃত হোৱাকৈ ছপাখোৱা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া চকু পৰীক্ষণ শিবিৰৰ আজি সোমবাৰৰ পৰা আৰম্ভ কৰিছে । উক্ত পৰীক্ষণ শিবিৰৰ দুপৰীয়া প্ৰায় ১.৩০ বজাত শুভ উদ্বোধন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই । এতিয়াৰে পৰা প্ৰতি সোমবাৰে চিকিৎসালয়খনত ৰাইজৰ চকু পৰীক্ষা কৰাৰ সুবিধা উপলব্ধ হব ।