তিনিচুকীয়া: সদৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভ জন্মদিনৰ সৈতে সংগতি ৰাখি সেৱা সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণ
প্ৰধানমন্ত্ৰীৰ শুভ জন্মদিনৰ সৈতে সংগতি ৰাখি বুধবাৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানৰ উপস্থিতিত তিনিচুকীয়াত সেৱা সপ্তাহৰ কাৰ্যসূচী ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। সেৱা সপ্তাহৰ এই সময়ছোৱাত দুপৰীয়া ২.৩০ মিনিটলৈকে চি আৰ পি এফ-ৰ জোৱানসকল,ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ৰক্তদান কৰে। এই অনুষ্ঠানত মহিলা শক্তিয়েও এক সবল ভূমিকা পালন কৰে।