ওদালগুৰি: ফুলবাৰিত হত্যাৰ বলি হোৱা সোনম তামাঙৰ
হত্যাকাৰীক শাস্তি প্ৰদান কৰিবলৈ অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ দাবী
ওদালগুৰি জিলাৰ ফুলবাৰি নিজ ঘৰৰ পৰা নিৰুদ্দেশ হোৱা সোনম তামাঙৰ ম্ৰিতদেহ ২০ চেপ্টেম্বৰ ৰাতিপুৱা গোলন্দী নদীত প্ৰত্যক্ষ হোৱাৰ পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিছত ওদালগুৰি আৰক্ষী থানাৰ বিষয়া মনুজ্বল গগৈৰ লগতে ওদালগুৰি ৰাজহ চক্ৰৰ বিষয়া সন্তোষ চক্ৰবৰ্তীৰ নিৰিক্ষণত চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত ১৯ চেপ্টেম্বৰ নিশা তিনিবজালৈকে একেলগে পাৰ্টী কৰা ৰিংকু তামাঙৰ লগতে বনৰীয়া হাতীৰ পৰা শস্য ৰক্ষা কৰিবলৈ পথাৰত বিদ্যুৎ সংযোগ কৰা ডেমু নামৰ ব্যক্তিক সোধপোছ কৰে।