ইউবিপিঅৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৃস্পতিবাৰে দিনৰ ১১ বজাত চিলি ভগৱান বড়ো সাহিত্য সভা ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। ইউবিপিঅৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি চনসিং ব্ৰহ্মই আঁতধৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ৷ সভাত উপস্থিত থাকি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বড়ো ভোটাৰ ৰাইজক মুকলি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।