টেঙাখাত: দুলীয়াজানৰ ভাদৈ পাঁচআলিত জনজাতিকৰণ আৰু শ্বায়ত্ব শাসন প্ৰদানৰ দাবীত জোৰ সমদল বাহিৰ কৰি আটাছুৰ উত্তাল প্ৰতিবাদ
আজি ৰবিবাৰে সন্ধিয়া ৭ বজাত দুলীয়াজানৰ ভাদৈ পাঁচআলিত টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু শ্বায়ত্ব শাসন প্ৰদানৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী জোৰ সমদল । টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ আহ্বান মৰ্মে দুলীয়াজান আঞ্চলিক সমিতি আৰু ভাদৈ আঞ্চলিক সমিতি আৰু ভাদৈবাসী ৰাইজৰ সহযোগত ভাদৈ গদাধৰ সিংহ মজলীয়া বিদ্যায়ৰ খেলপথাৰৰ পৰা বিশাল জোৰ সমদল।