সৰ্থেবাৰী: ছাবাৰবড়ীৰ ছিদ্দিক আলীৰ ঘৰৰ পৰা চৰকাৰী সূলভ মূল্যৰ ৮০ কুইন্টল চোৰাং চাউল জব্দ কৰে আৰক্ষীয়ে
ছাবাৰবড়ীৰ ছিদ্দিক আলীৰ ঘৰৰ পৰা ৮০ কুইন্টল চোৰাং চাউল জব্দ কৰে সৰ্থেবাৰী আৰক্ষী থানৰ আৰক্ষীয়ে ৷ সৰ্থেবাৰী আৰক্ষীয়ে গোপন সূত্রৰ পমখেদি চাউলখিন জব্দ কৰে। জানিব পৰা মতে সৰ্থেবাৰী থানাৰ অন্তৰ্গত ছাবাৰবড়ীৰ ছিদ্দিক আলী নামৰ ব্যক্তি গৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ৮০ কুইন্টেল চাউল। আৰক্ষীৰ তদন্ততহে ওলাব এই চৰকাৰী সূলভ মূল্যৰ চাউল কৰ পৰা কেনেকৈ আহিল ছাবাৰবড়ী গাৱৰ ছিদ্দিক আলীৰ ঘৰত। বৰ্তমান ছিদ্দিক আলী পলাতক বুলি জানিব পৰা গৈছে ৷