লাহৰীঘাট: মৈৰাবাৰীত ৰাইজৰ দল আৰু কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ
আজি পবিত্ৰ ঈদৰ দিনাও নিৰ্বাচনৰ সন্দৰ্ভত আলোচনাত ব্যস্ত থাকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে আজি উপস্থিত হৈ মৈৰাবাৰীত প্ৰাক্তন জিলা পৰিষদৰ সদস্য স্বামিম হাচানৰ বাসগৃহত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত মতবিনিময় কৰে।ইয়াত উপস্থিত থাকে ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ,কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন,মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ফাইজুৰ ৰহমানসহ অঞ্চলটোৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা সকল।