ধেমাজি: জোনাই জামে মজদিত কেবাশতাধিক ইছলাম ধৰ্মালম্ৱী লোকৰ ঈদ-ইল-ফিটৰ" উদযাপন
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে জোনাইতো বৃস্পতিবাৰে দিনৰ ৯ বজাৰ পৰা উলহ মালহেৰে পবিত্ৰ "ঈদ-ইল-ফিটৰ" উদযাপন কৰা হয় ৷ পবিত্ৰ ৰমজান মাহৰ এমাহ জোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মী লোক সকলে পালন কৰিছে ঈদ উল ফিতৰ। ঈদৰ উপলক্ষে জোনাইৰ সকলোতকৈ পুৰণি জামে মজদিত অনুষ্ঠিত হয় সমূহীয়া নামাজ৷ প্ৰায় কেবাশতাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাবেশেৰে জোনাই জামে মজদিত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ|