সোণাৰি: পূৱ নলবৰীয়াত পূৱ নলবৰীয়া ঘিলাগুৰি কোঁৱৰপুৰ নামঘৰৰ ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী সমাৰোহ শুভাৰম্ভ
পূৱ নলবৰীয়াত পূৱ নলবৰীয়া ঘিলাগুৰি কোঁৱৰপুৰ নামঘৰ উদ্যোগত তথা ৰাইজৰ সহযোগত শনিবাৰে ১০ বজাত সমাজকৰ্মী যুৱক বিপ্লৱ বৰুৱাই আঁত ধৰা অনুষ্ঠানত বৰহাট মহাবিদ্যালয়ৰ সহঃঅধ্যাপক চুচন চুতীয়াই মুল পতাকা উত্তোলন কৰাৰ লগতে অঞ্চলটোৰ ২৫জন বিশিষ্ট লোকৰ জৰিয়তে ২৫ খন পতাকা উত্তোলনে ৰূপালী জয়ন্তী সমাৰোহ শুভাৰম্ভ কৰা হয়।এই উপলক্ষে স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰাধাকান্ত বৰুৱা, কমল বৰবৰুৱাই।গছপুলি ৰোপণ কৰে মিত্ৰ বুঢ়াগোহাঁই, প্ৰদীপ ধাদুমীয়াই।