লাহৰীঘাট: মৈৰাবাৰীত আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে দুটাকৈ ম'বাইল সহ গ্ৰেপ্তাৰ কৰিলে এটা দুধৰ্ষ চাইবাৰ অপৰাধী
মৈৰাবাৰীত অব্যাহত আছে চাইবাৰ বিৰোধী আৰক্ষীৰ অভিযান।আজি মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা দুধৰ্ষ চাইবাৰ অপৰাধী।অঞ্চলটোৰ ওৰলকটা গাঁৱৰ মোজাম্মিল হক নামৰ চাইবাৰ অপৰাধীটোৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ৰুজু হৈছিল ১৮/২৪ নম্বৰৰ এটা গোচৰ।পিছত আৰক্ষীয়ে অভিযান চলাই আজি চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।লগতে চাইবাৰ অপৰাধীটোৰ কবলৰ পৰা দুটা ম'বাইল আৰক্ষীয়ে জব্দ কৰে।বৰ্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাৎ আছে চাইবাৰ অপৰাধীটো।