নগাঁও: আগন্তুক শাৰদীয় দুৰ্গোৎসব উদযাপনৰ প্ৰস্তুতি আৰু আয়োজনৰ সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্যালয়ত আলোচনা সভা সম্পন্ন
Nagaon, Nagaon | Sep 18, 2025 নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ২০২৫ বৰ্ষৰ আগন্তুক দুৰ্গা পূজাৰ উদযাপনৰ প্ৰস্তুতি আৰু আয়োজনৰ সন্দৰ্ভত জিলাখনৰ সকলো পূজা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মা, ভা:প্ৰ:সে: ডাঙৰীয়াৰ সভাপতিত্বত এখনি বৈঠক অনুষ্ঠিত হয় । উল্লেখিত বৈঠকত পূজা উদযাপনৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষা, যানবাহন নিয়মাৱলী, মণ্ডপ সমূহৰ নিৰাপত্তা, পোহৰৰ ব্যৱস্থা, প্ৰতিমা বিসৰ্জন আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । সভাৰ আৰম্ভণিতে বিগত বর্ষৰ