তিনিচুকীয়া: বাহাদুৰ চাৰিআলিত "শুশ্ৰূষা সেতু" নামেৰে বৃহৎ স্বাস্থ্য শিবিৰ আয়োজন
বুধবাৰে তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিস্থিত নৱজাগ্ৰিতী এম.ই স্কুলৰ খেলপথাৰত "শুশ্ৰূষা সেতু" নামেৰে আয়োজন কৰা হৈছে এই বৃহৎ স্বাস্থ্য শিবিৰ । ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত আৰম্ভ হোৱা পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু চিকিৎসা সংক্ৰান্তীয় সেৱা 'শুশ্ৰুষা সেতু'। এই কাৰ্যসূচীৰ অধীনত তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ ভিত্তিত ১৮ বছৰ বয়সৰ তলৰ শিশু কিশোৰ-কিশোৰীসকলক হৃদযন্ত্ৰ, স্নায়ু,যকৃত, নাক-কাণ চকুকে ধৰি ৫০বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষা কৰোৱা হব ।