পশ্চিম যোৰহাট: ভিন্নস্থানৰ আৰক্ষী মোতায়েন কৰা হৈছে যোৰহাট ষ্টেডিয়ামত,জুবিন দাৰ আদ্যশ্ৰাদ্ধ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ দৃষ্টি ৰাখিছে
ৰাজ্যৰ ভিন্ন স্থানৰ আৰক্ষী মোতায়েন কৰা হৈছে যোৰহাট ষ্টেডিয়ামত । জুবিন দাৰ আদ্য শ্ৰাদ্ধ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে। মঙ্গলবাৰে দিনৰ পাঁচ বজাত আৰক্ষীৰ লোক সকলক ব্ৰিফিং দিছে ।সাজু হৈছে আৰক্ষী । আৰক্ষীৰ লোক সকলক ব্ৰিফিং দিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে। কোনো ধৰণৰ যাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয় মোতায়েন আৰক্ষী ।