লাহৰীঘাট: মৈৰাবাৰী বজাৰত সোমবাৰে দুপৰীয়া ভয়ংকৰ অগ্নিকাণ্ড,যুদ্ধকালীন তৎপৰতাৰে অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জুই
মৈৰাবাৰী বজাৰত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।বজাৰখনত থকা সূৰুয আলীৰ মাৰ্কেটত এই অগ্নিকাণ্ডটো সংঘটিত হয়।অগ্নিকাণ্ডটোত মাৰ্কেটটোত থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষয় ক্ষতি হয়। এই ভয়াৱহ অগ্নিকাণ্ডটো বজাৰখনত থকা এটা জিঅ' টাৱাৰৰ পৰা সংঘটিত হোৱা বুলি স্থানীয় লোকে প্ৰকাশ কৰে।ইফালে এই ঘটনাৰ খবৰ পাই মৈৰাবাৰীত থকা অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু যুদ্ধকালীন তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।