তিনিচুকীয়া: মাকুমত সন্দেহজনক ভাৱে ১০ টা গো ধন সৰবৰাহ কৰি অনা বাহন জব্দ
মাকুমত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী চলি থকাৰ মাজতে সংগঠনটোৱে বুধবাৰে পুৱা প্ৰায় ৭ বজাত ধলা দিশৰ পৰা As 07 CC 1147 নম্বৰৰ এখন বাহনত তিনিজন যুৱকে সন্দেহজনক ভাৱে প্ৰায় ১০ টা গো ধন সৰবৰাহ কৰি অনা অৱস্থাত জব্দ কৰি আৰক্ষীক গতাই দিয়ে । পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে গো ধন সৰবৰাহৰ নথি পত্ৰ সমূহ পৰীক্ষা কৰি সন্দেহ নথকাত এৰি দিয়ে ।