লাহৰীঘাট: লাহৰীঘাটত বৃহস্পতিবাৰে আবেলি অনুষ্ঠিত হয় লাহৰীঘাট সমবায় সমিতিৰ কাৰ্যনিৰ্বাহক সভা,নতুন সভাপতি হিচাপে নিঃ আব্দুল ৰেজ্জাক
লাহৰীঘাট সমবায় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা আজি সমবায়খনৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।উল্লেখ্য যে সমবায় খনৰ মুঠ ১৪ গৰাকী সদস্য সদস্যাৰ ভিতৰত ১১ গৰাকীয়ে পূৰ্বৰ সভাপতি ইনামূল হকৰ বিৰুদ্ধে অনাস্থাৰ আনিছিল।পিছত আজি সমবায় খনৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন কাৰ্যনিৰ্বাক সভা।এই সভাখনতে আব্দুল ৰেজ্জাকক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। সভাখনত বিভাগীয় পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে সমুদ্ৰ বৰা।