দেওবাৰে দুপৰীয়া প্ৰায় ২.৩০ মিনিটত ডুমডুমা সমষ্টিৰ অন্তৰ্গত লোক নিৰ্মাণ বিভাগৰ অধীনত সেউজপুৰ হৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ) টিপুকলৈ যোৱা পথটি ৰাইজৰ বাবে উৎসৰ্গা কৰে শ্ৰম মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই । এই পথটিয়ে সাধাৰণ ৰাইজৰ যাতায়তত বহু পৰিমাণে সুচল কৰিব বুলি দৃঢ় বিশ্বাস দিয়ে শ্ৰম মন্ত্ৰী গৰাকীয়ে ।